ফাটবিহু উদযাপন – 2025

অসমৰ অনন্য পৰম্পৰাগত লোক-বসন্ত উৎসৱ ফাটবিহু উদযাপনৰ সম্পৰ্কত যোৱা ২৫ মাৰ্চ ২০২৫ তাৰিখে মঙলবাৰে দুপৰীয়া ‘ফাটবিহু: ঢকুৱাখনাৰ’ সাধাৰণ পৰিষদৰ এখন ৰাজহুৱা বৈঠক অনুষ্ঠিত হৈ যায়। চাৰিকড়ীয়া নৈ পাৰৰ ঐতিহ্যমণ্ডিত ফাটবিহুৰ স্থায়ী বিহু বাকৰি ম’হঘুলি চাপৰিত ‘ফাটবিহু সমিতিৰ’ সভাপতি শ্ৰীযুত বসন্ত শইকীয়াৰ সভাপতিত্ব অনুষ্ঠিত সাধাৰণ সভাত সম্পাদক শ্ৰীযুত ভাস্কৰ দাসে উদ্দেশ্য ব্যাখা কৰে। সভাত বৃহত্তৰ ঢকুৱাখনা সম-জিলাৰ বিভিন্ন প্ৰান্তৰ নানা জাতি-জনগোষ্ঠীয় ফাটবিহুৰ ৩০০শৰোধিক সদস্যই অংশগ্ৰহণ কৰে। সাধাৰণ পৰিষদে ফাটবিহু সমিতিৰ উন্নয়নমূলক কাম-কাজ আৰু আগন্তুক কৰ্মৰাজীৰ সন্দৰ্ভত বিশদ আলোচনা কৰাৰ অন্তত ২০২৫ বর্ষৰ ফাটবিহু উদযাপন সম্পৰ্কে আলোচনা কৰে; ইয়াৰ পিছতে ব’হাগ মাহৰ শেষৰ শুক্ৰ, শনি আৰু দেও বাৰে ব’হাগৰ ২৫, ২৬ আৰু ২৭, ইংৰাজী ৯, ১০ আৰু ১১ মে’ ২০২৫ ত তিনিদিনীয়া কাৰ্যসূচীৰে ফাটবিহু উদযাপনৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাই গঠন কৰা ফাটবিহু উদযাপন সমিতি-২০২৫ এনেধৰণৰ: সভাপতি- শ্ৰীযুত নিতুল (ৰাজা) বৰুৱা, উপ-সভাপতি ক্ৰমে- শ্ৰীযুতা মনিকা পাতিৰ, শ্ৰীযুত গুৰু গোবিন্দ দাস, শ্ৰীযুত গোবিন বৰুৱা, সম্পাদক- শ্ৰীযুত হিতেশ ফুকন, সহ:সম্পাদক- শ্ৰীযুতা মিনু বৰা, শ্ৰীযুত পলাশ কোঁৱৰ, শ্ৰীযুত বিষ্ণু শইকীয়া, বিত্ত সম্পাদক- শ্ৰী যুত ৰাজেশ দলে, শ্ৰীযুত সঞ্জয় দে আৰু শ্ৰীযুত নীলমণি দাসক কাৰ্যালয় সম্পাদক, শ্ৰীযুত আশোক বৰুৱা, শ্ৰীযুত বৃকুদৰ দাস, শ্ৰীযুত তীৰ্থ হাজৰিকাক প্ৰচাৰ সম্পাদক হিচাবে লৈ গঠন হয় উদযাপন সমিতিৰ। উল্লেখযোগ্য যে, যোৱা তিনিটা কাৰ্যকালৰ বাবে দায়িত্বত থকা সভাপতি শ্ৰীযুত বসন্ত শইকীয়া আৰু সম্পাদক- শ্ৰীযুত ভাস্কৰ দাসৰ নেতৃত্বৰ স্থায়ী সমিতিখনে গত কাৰ্যকালত উৎকৃষ্ট সেৱাৰে ‘ফাটবিহু‌ সমিতি,ঢকুৱাখনা’- অসমৰ এই ঐতিহ্যমণ্ডিত জাতীয় অনুষ্ঠানটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ লগতে মহিয়ান কৰিবলৈ কৰা আপ্ৰাণ প্ৰয়াসৰ প্ৰতি সন্মান জনোৱাৰ লগতে আগন্তুক দিনত আৰম্ভ হ’ব লগীয়া ফাটবিহুৰ বৃহৎ প্ৰকল্পৰ আঁচনিৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত সুবিধা হ’ব পৰাকৈ উচ্চ সদনে সৰ্বসন্মত ভাবে ফাটবিহুৰ সমিতিখনক আগন্তুক তিনি বছৰীয়া কাৰ্যকালৰ পুনৰ নিৰ্বাচিত কৰে। সদৌ শেষত ফাটবিহু সমিতিৰ সভাপতি শ্ৰীযুত বসন্ত ডাঙৰীয়াই ৰাইজক ধন্যবাদ জনোৱাৰ লগতে আগন্তুক দিনত ফাটবিহুৰ কল্যাণৰ বাবে সকলোকে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়।

Leave a Comment

Your email address will not be published. Required fields are marked *