ফাটবিহু সমিতিৰ সভাপতিৰ একাষাৰ
সময়ৰ পৰিৱৰ্তনৰ লগে লগে গছতল, নদীৰ পাৰৰ পৰা ৰজাঘৰ-প্রজাঘৰ হৈ বিহু মঞ্চলৈ আহিল। বিহু উদযাপনৰ ক্ষেত্রত যি পৰিৱৰ্তনৰ সুচনা হৈছে সেইয়া আমি অসমীয়াই কিমান দূৰলৈ গ্ৰহণ কৰিম বৰ্তমান সময়ত বিশ্লেষণৰ প্ৰয়োজনীতা আহি পৰিছে। আমি সকলোৱে মিলি বিহুৰ স্বকীয়তা, মৌলিকতা, মৰ্য্যদা আৰু পবিত্ৰতা অক্ষুণ্ণ ৰাখিব লাগিব।
বিহুটি আদৰৰ বিহুটি সাদৰৰ বিহুটি আচলৰ ধন। এনোৱা বিহুটি এৰিব লাগিলে নৰ’ব অসমৰ মান।।
লুইত আৰু সোৱণশিৰি মাজৰ ভূ-খণ্ডৰ লোকসমাজে চিৰ-প্রবাহিনী চাৰিকড়ীয়া নৈৰ পাৰত উদযাপন কৰা ফাটবিহু বৃহত্তৰ ঢকুৱাখনাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বাপতি সাহোন, স্বকীয় লোক-উৎসৱ। ঢকুৱাখনাৰ পুৰণি এতিহ্য বহন কৰি থকা ফাটবিহু কেৱল এটা অঞ্চলৰ লোক-উৎসৱ হলেও, অসমৰ লোক-সংস্কৃতিৰ ভঁড়ালত আপুৰুগীয়া সম্পদ হৈ আছে। স্বতঃস্ফূৰ্তভাৱেই ইয়াৰ উৎপত্তি আৰু বিকাশ সাধিত হৈ আছে। অসমৰ অন্য ঠাইৰ বিহুকেন্দ্ৰীক অনুষ্ঠান-উৎসৱৰ লগত ফাটবিহুক মিলাব নোৱাৰি। ফাটবিহুৰ অতুলনীয় বৈশিষ্ট্য হ’ল বিহু কেইদিনত প্রকৃতি আৰু মানুহৰ একাকাৰ হৈ পৰা অনুপম বিচিত্ৰতা। জাতি, বৰ্ণ-ধৰ্ম নিৰ্বিশেষে বিভিন্ন সম্প্ৰদায়ৰ পুৰুষ-মহিলা, ডেকা-গাভৰু আৰু বিহুদল সমূহৰ বিৰাম বিহীন বিহু। প্ৰচণ্ড ৰ’দ, দোপালপিতা বৰষুণ নামানি হাজাৰ-বিজাৰ বিছুবলীয়া ৰাইজৰ সমাবেশে বিহুতলী হৈ পৰে সকলো মানুহৰ মিলন ক্ষেত্ৰ। ফাটবিহু মহামিলনৰ বিমল উৎসৱ, সকলো হেঙাৰ ভাঙি এক জাতি, এক প্রাণ হোৱাৰ উৎসৱ। বহু দুখ জঞ্জালৰ মাজতো জাতীয় সাজ-পাৰ পৰিধান কৰি ফাটবিহুৰ অময়া সুধাপান কৰাৰ বাবে একাকাৰ হৈ মিলি যাবলৈ সংস্কৃতি প্ৰেমী ৰাইজ আহে।
বিহুৰ উৎপত্তি সম্পৰ্কে ক’ত-কেতিয়াৰ পৰা হৈছে তাৰ তথ্য বিচাৰি পোৱা নাযায় যদিও যেনেকৈ পণ্ডিতসকলে সংজ্ঞা বা মতামত দাঙি ধৰিছে, ঠিক তেনেকৈ ফাটবিহুৰ নাম কিয় হ’ল, সাৰ্বজনীন এই উৎসৱ কেতিয়াৰ পৰা হৈছে, প্রথমে ক’ত কেনেকৈ পতা হৈছিল এই বিলাকৰ কোনো লিখিত ৰূপত নোপোৱাৰ বাবেই বিভিন্নজনে না-না মত প্রকাশ কৰি আহিছে। ফাটবিহুৰ অতীত বিচৰাটো দুৰুহ কাম যদিও আমাৰ বাপতি সাহোন ফাটবিহুৰ বিষয়ে অধিক গৱেষণা আৰু আলোচনাৰ প্ৰয়োজন আছে। ফাটবিহুৰ পম খেদা স্থানীয় কেইগৰাকীমান বিজ্ঞলোকৰ ঢকুৱাখনা ঠাইখনৰ অতীত বুৰঞ্জীৰ সমলৰ ভিত্তিত নিৰ্ধাৰণ কৰা হৈছে যে আহোম ৰজাৰ দিনত কৰ-কাটল সংগ্ৰহৰ কেন্দ্ৰস্থল ‘ফাট’ত বিহু মৰা হৈছিল বাবেই এই বিহু ‘ফাটবিহু’নামেৰে পৰিচিত৷ আহোম ৰাজত্বকালৰ ডেৰ-দুই শতিকাৰ পৰা এই বিহু পালন কৰি আহিছিল।
প্রাৰম্ভিক অৱস্থাত ১৭২২ খ্ৰীঃ স্থাপিত হাৰ্হি দেৱালয় (বৰ্তমানেও ৭ বহাগত মিচিং, চুতীয়া, কৈৱৰ্ত্ত আদি জনগোষ্ঠীয় লোকে হাৰ্হি দেৱালয়ত বিহু মাৰে) আৰু ইয়াৰ সমীপৰ চাৰিকড়ীয়াৰ পাৰত আৰু পৰৱৰ্তী সময়ত বৃটিছ শাসন কালত ১৮৫৭ চনত স্থাপিত হোৱা ঢকুৱাখনা আৰক্ষী থানাৰ আশে-পাশে ফাটবিছু অনুষ্ঠিত হৈছিল। তেতিয়াৰ পৰা আহোম, চুতীয়া, মিচিং, কৈৱৰ্ত্ত, দেউৰী, কছাৰী, কোচ, কলিতা, সূত আদি লোক সমাজে ব’হাগৰ পহিলা দিনৰ পৰা সাতদিন ধৰি বিহু মাৰিছিল। দ্বিতীয় বিশ্বযুদ্ধত বৃটিছ মিত্ৰজোঁটৰ পৰাজয় হোৱাৰ পৰিপ্ৰেক্ষিতত এই বিহু সাময়িকভাৱে স্তৰ্ধ হৈ পৰিছিল। স্বৰাজোত্তৰ কালত ১৯৫৬ চনৰ পৰা পুনৰ স্থানীয় ৰাইজৰ উদ্যোগত প্রথমে অনুষ্টোপীয়াকৈ আৰু ক্ৰমাগতভাৱে আহোম, চুতীয়া, কোচ, কলিতা, কৈৱৰ্ত্ত, মিচিং, কছাৰী, সূত আদি বিভিন্ন জনগোষ্ঠীসমূহৰ যোগদানেৰে বৰ্তমান ব্যাপক আৰু বৰ্ণাঢ্য ৰূপত উদযাপন হৈ আহিছে।
ফাটবিহুৱে বিভিন্ন জনগোষ্ঠীৰ মাজত সাংস্কৃতিক সমন্বয় গঢ়ি তুলি এঁক্য-সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰাৰ লগতে সামাজিক সুস্থ’.সবল বাতাবৰণ বৰ্তাই ৰখাত বলিষ্ঠ ভূমিকা পালন কৰি আহিছে। এঁতিহ্য-পৰম্পৰা সংৰক্ষণ-সংবর্ধন কৰাৰ লগতে বিকাশৰ পথ প্ৰশস্ত কৰি তুলিছে। জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক বৈশিষ্ট্যসমূহৰ পাৰস্পৰিক সংমিশ্ৰণ ঘটি জনগোষ্ঠীয় সাংস্কৃতিক উপাদানসমূহৰ বিনিময়ৰ জৰিয়তে সাংস্কৃতিক সমন্বয়ৰ সেতু গঢ়ি ফাটবিহুক বৰ্ণময় কৰি তুলিছে। সমবেত বিশাল জনসমাবেশে সংযত আৰু সুশৃংখলিত সমাজ জীৱনৰ প্ৰতিচ্ছবি তুলিধৰাৰ লগতে নতুনকৈ সংযোজিত হোৱা বাণিজ্য মেলাত গ্ৰাহক আৰু বিক্ৰেতাৰ মাজত থলুৱা সামগ্ৰীৰ ভ্ৰুয়-বিভ্ৰুয় প্ৰক্ৰিয়াৰে সংশ্লিষ্টসকলক আৰ্থিক ভাৱে উপকৃত কৰিবলৈ সক্ষম হৈছে। বহাগ মাহৰ শেষৰ ৰবিবাৰটোক ফাটবিহুৰ শেষৰ দিন হিচাবে লৈ শুক্ৰ, শনি আৰু দেওবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে ফাটবিহু অনুষ্ঠিত হৈ আহিছে। কপৌফুল আৰু গছপুলি ৰোপন, বয়ন শিল্পৰ প্রদৰ্শনী আৰু প্রতিযোগিতা, যুৱক-যুৱতী তথা পুৰুষ-মহিলা সকলৰ মুকলি বিহুৰ ওপৰিও চেমনীয়া সকলৰ বিহু, জিয়ৰী আৰু বোৱাৰীসকলৰ টকাবিহু, হঁচঁৰি আদি অনুষ্ঠিত হয়। সকলো জনগোষ্ঠীৰ লোককৃষ্টি-সংস্কৃতি আৰু জনজীৱনক প্রতিফলন কৰি বিশাল আৰু বৰ্ণময় শোভাযাত্ৰা উলিওৱা হয়। ফাটবিহুৰ সময়ত (ব’হাগ মাহৰ শেষৰ সপ্ডাহত) প্রবাসত থকা ঢকুৱাখনীয়াই ঢাপলি মেলি ঘৰলৈ আহে। ফাটবিহুৰ উদ্যোক্তাসকলৰ লগতে অঞ্চলটোৰ সকলোৱে জাতীয় সাজপাৰ পৰিধানেৰে সদল-বলে বিহুত অংশগ্ৰহণ আৰু উপভোগ কৰি ফাটবিহুক অধিক মহীয়ান কৰি তুলিছে। জনগোষ্ঠীসমূহৰ স্বকীয় সাংস্কৃতিক বৈশিষ্ট্য সংৰক্ষণৰ জৰিয়তে সমন্বিত আৰু সংমিশ্ৰিত ৰূপ লাভ কৰি বিকশিত হৈ উঠাৰ পথ প্রশস্ত কৰি তুলিছে ফাটবিহুৱে, লগতে ভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক উপাদানৰ বিনিময়েৰে বৃহত্তৰ অসমীয়া জাতীয় সংস্কৃতিক উত্তৰণ ঘটাই জাতীয় চেতনা জীপাল কৰি ৰাখিছে। বিশেষকৈ, প্ৰতি বছৰে ফাটবিহুৰ লগত সংগতি ৰাখি সকলো দিশ সামৰি প্রকাশিত মুখপত্ৰ ‘বিহুৱান’এ ফাটবিহুৰ ধ্বজ্জা বহন কৰাত অন্যতম ভূমিকা পালন কৰিছে।
ফাটবিহু তলীৰ ৩৭ বিঘা মাটিৰ এলেকাত সৰু-বৰ গছ-গছনিৰ মাজে মাজে দলবোৰে বিহু মাৰে। ১৯৯৫ চনত ম’হঘুলি চাপৰিৰ সংৰক্ষিত ফাটবিহু তলীত ওখ ভেটি (মুকলি মঞ্চ) স্থাপন কৰাৰ পাছতে ১৯৯৬ চনৰ পৰা ক্ৰমাগতভাৱে চাৰিকড়ীয়া নৈ পাৰৰ ম’হঘুলি চাপৰিৰ সংৰক্ষিত ফাটবিহু তলীত ফাটবিহু উদযাপন কৰি আহিছে। ফাটবিহু এতিয়া অসমৰ লোক-সংস্কৃতিৰ এক প্রধান অংগত পৰিণত হৈছে। সেয়েহে ফাটবিহুক অনন্য ৰূপত গঢ়ি তুলি সামগ্ৰিক উত্তৰণৰ বাবে চৰকাৰ তথা ৰাইজে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
ঢকুৱাখনাৰ আপুৰুগীয়া সম্পদ ফাটবিহুক সুৰক্ষা দিয়া আৰু উদ্যাপনৰ ক্ষেত্ৰত ঢকুৱাখনা তথা অসমবাসী ৰাইজৰ গঠনমুলক দিহা-পৰামৰ্শ আৰু সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰি ফাটবিহুক অধিক মহীয়ান কৰি তুলিবলৈ ৰাইজলৈ আহ্বান জনাই সেৱা জনালো।
বিহুতে বলিয়া কোনে সমনীয়া বিহুতে বলিয়া কোন? ফাটবিহুত বলিয়া ঢকুৱাখনীয়া কপালত মহাৰে সোণ। ৷। জয়তু ফাটবিহু।।
শ্ৰদ্ধাৰে-
বসন্ত শইকীয়া
সভাপতি, ফাটবিহু সমিতি
ঢকুৱাখনা-৭৮৭০৫৫