ফাটবিহু সমিতিৰ সম্পাদকৰ একলম
ঢকুৱাখনাবাসীৰ স্বাভিমান লোক উৎসৱ ঐতিহ্যমণ্ডিত ‘ফাটবিহু’ শতিকাজুৰি পৰম্পৰা ৰক্ষা কৰি উদযাপন কৰি অহা হৈছে। ‘ফাটবিহু’ ঢকুৱাখনাবাসীৰ গৌৰৱ, এক সুকীয়া পৰিচয়। ৰজাদিনীয়া নদীত ফাটত মৰা বিহুক ‘ফাটবিহু’ বুলি গণ্য কৰি অহা হৈছে। ফাটবিহু আজি নিজৰ গৰিমাৰে গৌৰৱান্বিত। ফাটবিহুৱে নিজস্ব নীতি-নিয়মেৰে অসমীয়া সংস্কৃতিক কোনে ধৰণে আচোৰ নিদিয়াকৈ বিশ্ববাসী কাষলৈ যাবৰ বাবে সক্ষম হৈছে। চাৰিকড়ীয়া নৈৰ পাৰত শতিকাজুৰি বছৰে-বছৰে ফাটবিহু উদযাপন হৈ আহিছে। নদীৰ ফাটৰ পৰা ইয়াত বিহু বাকৰিলৈ অনা হ’ল। মুকলি পথাৰত গছৰ ডাল পুতি বিহু বাকৰি সজা হ’ল। তাতে যুৱক- যুৱতীসকলে প্ৰাণ ঢালি বিহু মাৰি ফাটবিহুক জীয়াই ৰখাৰ পণ লল ৷ সময় বাগৰাৰ লগে লগে ফাটবিহু সংস্কৃতি ৰক্ষা কৰি মঞ্চলৈ তুলি দিয়া হ’ল। ঠাইয়ে-ঠাইয়ে মঞ্চ সাজি বিহুৱা-বিহুৱতীসকলক বিহু মাৰিবলৈ সুবিধা কৰি দিয়া হ’ল। ফাটবিহু ভৱিষ্যত চিন্তাত স্থায়ীভাৱে বিহু বাকৰি সংৰক্ষণ কৰাৰ প্ৰতি সুচিন্তক সকলৰ চিন্তা অনুসৰি আৰু ঢকুৱাখনাবাসীৰ আশীৰ্বাদত এখন নিজাববীয়া ফাটবিহুতলি পতা হ’ল আৰু তলিখনত সেউজীয়া পৰিৱেশ গঢ় দিয়া হ’ল। এতিহ্যমণ্ডিত ঢকুৱাখনাৰ ম’হঘুলি চাপৰিত ফাটবিহুৰ নিজাকৈ স্থায়ী ঠিকনা হ’ল। অসমৰ জাতীয় কৃষ্টি-সংস্কৃতিক যাতে ফাটবিহুৱে ধৰি ৰাখি পৰম্পৰা অক্ষুন্ন ৰাখিব পাৰে, সকলো জাতি-জনগোষ্ঠীয়ে যাতে সমভাৱে অংশগ্ৰহণ কৰি ফাটবিহুক আৰু অধিক মহীয়ান হোৱাত সহযোগ আগবঢ়াব পাৰে তাৰো ব্যৱস্থা গ্ৰহণ কৰা হ’ল। আজি এই ৰূপত আপোনালোকৰ আগত এতিহ্যমণ্ডিত ‘ফাটবিহু’। ফাটবিহুৰ উদ্দেশ্য-পৰম্পৰা ৰক্ষা কৰি জাতীয় সংস্কৃতিক ক্ষুদ্ৰ ৰূপত দাঙি ধৰি সকলো জাতি-জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতি অক্ষুন্ন ৰখা।
বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষতো ফাটবিহু (২০২৪ বৰ্ষ) উদযাপনৰ দিহা কৰা হৈছে। এক বৃহৎ পুঁজিৰ সাপেক্ষে
উদ্যাপন কৰিব লগা ঢকুৱাখনাবাসীৰ হেঁপাহৰ লোক উৎসৱ ঐতিহ্যমণ্ডিত ফাটবিহু তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপিত হ’ব।এই ক্ষেত্ৰত ঢকুৱাখনাবাসী ৰাইজে আমাক পূৰ্ণ সহায়-সহযোগিতা আগবঢ়োৱাতো আমাৰ বাবে শুক্ষ লক্ষণ। ২০২৪ বৰ্ষ ফাটবিহু উদ্যাপন সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত মুকুল গগৈ আৰু সন্মানীয় সম্পাদক শ্ৰীযুত ভৱেন্দ্ৰজিৎ গগৈৰ লগতে উদ্যাপন সমিতিৰ সকলো কাৰ্যনিৰ্বাহক সদস্য-সদস্যালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ঢকুৱাখনাবাসীৰ লগতে যিসকল সদাশয় ব্যক্তিয়ে ২০২৪ বৰ্ষ ফাটবিহু উদ্যাপনৰ বাবে সকলোফালে সহায়-সহযোগিতা আগবঢ়ালে ফাটবিহু সমিতিৰ লগতে উদ্যাপন সমিতিৰ ২০২৪ৰ হৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। ফাটবিহু উদ্যাপন বাবে গঠন কৰি দিয়া প্ৰত্যেকখন
উপ-সমিতিৰ সভাপতি/সম্পাদকে প্ৰমুখ্য কৰি সকলো বিষয়ববীয়ালৈ ধন্যবাদ আৰু কৃতজ্ঞতা আগবঢ়ালোঁ। ফাটবিহু সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত বসন্ত শইকীয়াদেৱৰ লগতে ফাটবিহু সমিতিৰ উপদেষ্টা মণ্ডলী, সহকাৰী সম্পাদকদ্বয়, সাংগঠনিক সম্পাদকসকল, কাৰ্যালয় সম্পাদক, বিত্তীয় সম্পাদক, আইন উপদেষ্টা, সন্মানীয় হিচাপ পৰীক্ষকদ্বয় আৰু মোৰ অতি শ্ৰদ্ধাৰ কাৰ্যনিৰ্বাহকৰ সদস্য/সদস্যাবৰ্গলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা শৰাই নিবেদিছোঁ। ফাটবিহু উদ্যাপনৰ ক্ষেত্ৰত ফাটবিহু সমিতিৰ বিষয়ববীয়া সকলৰ আন্তৰিক সহযোগিতাই ফাটবিহু ভৱিষ্যত উজ্জ্বল কৰি ৰাখে।
ঢকুৱাখনাৰ উপ-জিলা অতিৰিক্ত জিলা আয়ুক্তৰ লগতে উপ-জিলাৰ সমূহ বিষয়া-কৰ্মচাৰীলৈ ধন্যবাদ জনাইছোঁ। ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া লগতে আৰক্ষী থানাৰ প্রভাৰী আৰু বিষয়ববীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঢকুৱাখনা পৌৰসভাৰ পৌৰপতি লগতে ৱাৰ্ডৰ আয়ুক্ত সকললৈ আৰু বিষয়া কৰ্মচাৰীলৈ আন্তৰিক ধন্যবাদ যাচিছোঁ। ঢকুৱাখনা ব্যৱসায় সন্থা, ক্ষুদ্ৰ ব্যৱসায় সন্থা, ঢকুৱাখনা বজাৰ সন্থালৈ ফাটবিহু সমিতি আৰু উদ্যাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ফাটবিহু বছৰেকীয়া প্ৰকাশ “বিহুৱান” খনি ২০২৪ বৰ্ষৰ বাবে ঢকুৱাখনা বিশিষ্ট ব্যক্তি অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰয়াত ৰেৱত চন্দ্ৰ গগৈ দেৱৰ স্মৃতিত প্ৰয়াত গগৈ ডাঙৰীয়া পত্নী শ্ৰীযুক্তা মালতী গগৈ আৰু তেখেতসকলৰ পৰিয়ালবৰ্গই প্ৰকাশৰ দায়িত্বলৈ যি মহানুভৱতাৰ পৰিচয় দিলে তাৰ বাবে শ্ৰীযুক্তা মালতী গগৈ আৰু পৰিয়ালবৰ্গলৈ ফাটবিহু সমিতি ২০২৪ বৰ্ষৰ উদ্যাপন সমিতিৰ হৈ মই আন্তৰিক সেৱা আৰু কৃতজ্ঞতা জনোৱাৰ লগতে প্ৰয়াত ৰেৱত চন্দ্ৰ গগৈ দেৱৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। ফাটবিহু বছৰেকীয়া প্রকাশ “বিহুৱান”ৰ দায়িত্বত থকা সম্পাদনা সমিতিৰ সম্পাদক শ্ৰদ্ধাৰ শ্ৰীযুত ইন্দিবৰ বুঢ়াগোহাঞি দেৱৰ লগতে সম্পাদনা সমিতিৰ সদস্য-সদস্যালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।
২০২৪ বৰ্ষৰ বাবে ফাটবিহু সমিতিৰ সম্পাদকৰ একলমত পুনৰ ৰাইজক সেৱা জনাব খুজিছোঁ, ২০২৪ বৰ্ষত ফাটবিহু উদযাপনৰ ক্ষেত্ৰত আমাৰ অজানিতে যদি ক’ৰবাত ভুল ক্ৰুটি ৰৈ গৈছে ঢকুৱাখনাবাসীৰ লগতে অসমবাসীৰ সৃজনীমূলক দৃষ্টি ভংগীৰে শুধৰাই দিব বুলি প্ৰাৰ্থনা জনালোঁ।
পুনৰ ঢকুৱাখনাবাসীৰ লগতে সমগ্ৰ অসমৰ বিহুবলীয়া ৰাইজলৈ আন্তৰিক সেৱা জনাই ২০২৪ বৰ্ষৰ ফাটবিহু উদযাপনৰ বাবে ফাটবিহু সমিতিৰ সম্পাদকৰ একলম সামৰণি মাৰিছোঁ।
শ্ৰদ্ধাৰে-
ভাস্কৰ দাস
সম্পাদক, ফাটবিহু সমিতি
জয়তু ফাটবিহু
জয়তু ঢকুৱাখনা